অনুসন্ধান আকাংক্ষাত

Tuesday, September 11, 2012

হাঁহি কান্দোনেৰে সুখ আৰু দুখৰ অহা যোৱাই





হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যোৱাই !

এইটো জীৱন ! -৩

হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যোৱাই !

এইটো জীৱন ! - ৩



[একা-বেঁকা বাট জীৱন যুঁজৰ      

কিছু অৱহেলা কিছু মৰমৰ] - ২

মায়াবী মনৰ ..

এইটো জীৱন ! - ৩



আকৌ নিৰ্জন.. - ২

হৃদয়ৰে..

[সময়েতো কাঢ়ি নিয়ে

নিঠুৰ হাতেৰে] - ২

[জীৱন আকাশত গধূলিৰে সোঁত

তাতেই পৰিব যাত্ৰাৰ ওৰ] - ২

ভাগৰুৱা দেহৰ....

এইটো জীৱন ! - ৩

[হাঁহি কান্দোনেৰে

সুখ আৰু দুখৰ

অহা যোৱাই !

এইটো জীৱন ! - ৩] - ২



(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিকডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া)

No comments: