ডেকা : ধুনীয়া ৰঙৰ নতুন পাহিৰ
তুমি মোৰ পদুলীৰ কেতেকী ফুল
তাকেই দেখি মই ভোল যাঁও
গাভৰু : কেতেকী নহও মই সূৰুজমুখী
পুৱাৰ সূৰুজ তুমি কত ৰহনৰ
তাৰেই আশাত মই নিশা কটাওঁ
ডেকা : তোমাৰ চকুৰ বন্তি দেখি মোৰ
মনৰ চগা উৰে
গাভৰু : তোমাৰ চগাকে সাবটিবলৈ
মই শলিতা জ্বলাওঁ
ডেকা : মনৰ সাগৰখনি তোমাৰ জোৱাৰেৰে
থৌকি বাথৌকৈ উথলে
গাভৰু : মনৰ আকাশৰে ৰামধেনুখনি
তোমাৰ জেউতিৰে উজলে
ডেকা : মনৰ সাগৰখনে সোধে ৰামধেনুখনিক
কেতিয়ানি আকোৱালি লওঁ ?
দুয়ো : আমি দুয়ো একেলগে জীৱনৰ ফুলনিত
মৰমৰ শেৱালী ফুলাও
( কথাছবি : ধুমুহা, ১৯৫৭ চন )
(ইউনিক'ডীয় ৰূপান্তৰ → দীপা ডেকা)
1 comment:
গাভৰু : তোমাৰ চগাকে বুকুৰ উমেৰে সাৱটিবলৈ
মই শলিতা জ্বলাওঁ, মই শলিতা জ্বলাওঁ,
Post a Comment