অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জুইয়ে পোৰা তিৰাশীৰ




জুইয়ে পোৰা তিৰাশীৰ

নিৰ্বাচনীৰ বছৰ

মোৰ ভাইটী নোহোৱা হ

নেপালো খবৰ

ত‍ই জাননে খবৰ

ত‍ই জাননে খবৰ


......


জুইয়ে পোৰা তিৰাশীৰ

নিৰ্বাচনীৰ বছৰ

মোৰ ভাইটী নোহোৱা হ

নেপালো খবৰ

ত‍ই জাননে খবৰ

ত‍ই জাননে খবৰ
                         

...
                                    

জিলাৰ দহো গাৱত

তোৰ সমকক্ষ নাই        

তোক হেৰুৱাই আমাৰ গঞাই

ক্ষোভতে বিনায়


....


মৰিশালী হল

পাঠ্যপুথি থোৱা ঘৰ

আহিল বুলি নাহিল দেখো

জাননে খবৰ

আৰু জান যদি কোনোবাই

তাক দিবিনে খবৰ

তাক দিবিনে খবৰ

তাক দিবিনে খবৰ
                          

.....


জানো তাৰ মন আছিল

দেশখন গঢ়িব

অহা দিনৰ সুন্দৰ জীৱন

অসমবাসীক দিব                  

চিঞৰে সি নিজৰ মাটিত

হব কিয় পৰ

মোৰ ভাইটী নোহোৱা হ

জাননে খবৰ তাৰ              

জাননে খবৰ তাৰ


......


এদিন দেখো চৌপাশে

দৌত্য দানৱ আহি

লুইত পাৰত গুলিয়ালে

বহুতো হল হানি

লগত আছিল

ৰংপি পেগু গগৈ বসুমাতাৰী

ৰহিম কূৰ্মী মূছেফ

আছিল চেত্ৰী তিৱাৰী

হৰ্বঞ্চ আছিল শিষ্য

গুৰু তেগ বাহাদুৰৰ

সবাকে দানৱে নিলে

জাননে খবৰ

ত‍ই জাননে খবৰ             

ত‍ই জাননে খবৰ

জাননে খবৰ


....


আয়ে দেখোন ভাতৰ পাতৰ

কাষলে নেযায়

ছাত্ৰহতে দিনে নিশাই

বাছত জুমি চায়

ভনীয়ে নিতে ভাইটীৰ ঘৰত

বন্তি জ্বলায়

বুঢ়া পিতাই ৰেল ষ্টেচনত

ৰেলগাড়ীবোৰ চায়



বুঢ়া পিতাই ৰেল ষ্টেচনত

ৰেলগাড়ীবোৰ চায়


 ....


অচিন যাত্ৰী ঠাহ খায় থাকে

ভাইটীটোহে না‍ই

দেশখনে বিচৰা মোৰ

ভাইটীটোহে না‍ই

ঠিকনা তাৰ নোহোৱা হল

শুদা হল ঘৰ

মোৰ ভাইটী নোহোৱা হল

জাননে খবৰ

তাৰ জাননে খবৰ                

জাননে খবৰ                  

তাৰ জাননে খবৰ


....


সংবিধানৰ বাধ্যবা্ধকতাৰ পৰিবেশত

হেজাজনৰ ৰক্ত নদী

বলে অসমত

তিৰাশীৰ হত্যা যেন

পূনৰ নহয়

যদি হয় ভাৰততো

হব যে প্ৰলয়


....


বিভেদকামীক দিব

চিতা আৰু যে কবৰ

ভাইটীক দেখ যদি

দিবিনে খবৰ তাক

দিবিনে খবৰ তাক

দিবিনে খবৰ তাক



জুইয়ে পোৰা তিৰাশীৰ

নিৰ্বাচনীৰ বছৰ

ভাইটী নোহোৱা হ

জাননে খবৰ তাৰ

জাননে খবৰ

জাননে খবৰ তাৰ

জাননে খবৰ




(ইউনিক'ডীয় ৰূপান্তৰ - দীপা  ডেকা)

No comments: