অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জিকমিক্‌ দেৱালীৰ বন্তি জ্বলে




জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে

জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে     

ওচৰা ওচৰি দুটি ঘৰ

এটি পঁজা এটি ৰজা ঘৰ

ৰজা ঘৰে হাঁহে মাথো

পঁজাটিত বন্তি নজ্বলে                  

জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে


.....


পঁজাটিত এটি আছে

মাটিৰে চাকি

জাটিত এটি আছে

মাটিৰে চাকি

শলিতাও জ্বলি গল

নাই আৰু বাকী

বৰঘৰ আলাসৰ লাৰুৱে হাঁহে

পঁজাটিত পোনাটিৰ টোপনি নাহে

টোপনীয়ে নিচুকনী

গাই লাহে লাহে

টোপনীয়ে নিচুকনী

গাই লাহে লাহে

বন্তি আজিও নজ্বলে

জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে


......


বৰঘৰ চোতালত হিলৈ ফুটে

ধুম ধাম শবদৰ জাউৰী উঠে

দেখি তাকে পঁজাটিয়ে চকুলো টোকে

দেখি তাকে পঁজাটিয়ে চকুলো টোকে

এন্ধাৰত অকলে অকলে

জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে


......


কাইলৈ আহিব দোকমোকালি

আনি দিব পঁজাটিত

ৰং ৰাঙলী

আনি দিব হেৰোৱা দিনৰ ধেমালী

পঁজাটিয়ে নেকান্দে অকলে

দেখিবা তাতো যে বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে

জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে

জিক মিক দেৱালীৰ বন্তি জ্বলে

এন্ধাৰত কান্দে কোনে অকলে অকলে




(ইউনিক'ডীয় ৰূপান্তৰ -  দীপা  ডেকা)

No comments: