অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়




জীৱন জোৰা খ্যাতিয়ে যদি জীৱনটোকে খায়,

বহু ধনৰ লোভে যদি মানুহ পাহৰায়,

মানুহ যদি মানুহৰে হয় অন্তৰায়,

তেনে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,

মিছা ব্যৱসায় |



ধনৰ বাবেই মনৰ যদি বেহা বেপাৰ হয়,

যৌতুককে সঙ্গী বুলি আঁকোৱালি লয়,

তেনে দুটি শৰীৰ একে হলেও প্ৰাণটো নভৰে,

মুখা পিন্ধি দুয়ো থাকে দুয়োকো ভুলাই;          

সেয়ে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,

মিছা ব্যৱসায় |



প্ৰেম হেনো স্বৰ্গীয় মৰততে নাই,

বোকাকে ভাল পালে হেনো সম্ভ্ৰম হেৰায়,

তেনে সৰগৰ পাৰিজাত সৰগতে থাওক;

ধন্য হম মই বোকাৰ এপাহ পদুমকে পাই,      

সেয়ে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,

মিছা ব্যৱসায় |

সেয়ে দূৰতে থক খ্যাতি আৰু মিছা ব্যৱসায়,

মিছা ব্যৱসায় ||




*প্ৰকাশ: ১৯৭৭ চন
(ইউনিক'ডীয় ৰূপান্তৰ -প্ৰাঞ্জল বড়া)              

No comments: