অনুসন্ধান আকাংক্ষাত

Tuesday, September 4, 2012

জিন্দাবাদ মেণ্ডেলা




জিন্দাবাদ মেণ্ডেলা,


মেণ্ডেলা জিন্দাবাদ

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ ৷


সাতাইছ বছৰ আৰু সাতটা মাহৰ

বন্ধ কাৰাগাৰ ভাঙিলা

প্ৰখৰ ৰৌদ্ৰৰুপে আফ্ৰিকাৰ

নতুন যুৱক হৈ ওলালা

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ ৷



বৰ্ণ বৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনি


বৰ্ণবৈষম্যৰ জীৰ্ণ প্ৰাচীৰখনি

বজ্ৰ হাতুৰীৰে ভাঙিলা

মুক্ত আকাশৰ উদ্দেশ্যে

দৃঢ়মুষ্টি তুমি তুলিলা

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ ৷


কৃষ্ণাংগৰ চিৰমুক্তি

তোমাৰ আজীৱন যুক্তি

যাৱজ্জীৱন কাৰাদন্ডতো নকৰিলা

আপোচৰ চুক্তি

তুমি নকৰিলা আপোচৰ চুক্তি 

সাম্য পিয়াসী  লক্ষজনৰ

সাম্য পিয়াসী  লক্ষজনৰ

বন্দী শিবিৰ তুমি নাশিলা

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ

জিন্দাবাদ মেণ্ডেলা,

মেণ্ডেলা জিন্দাবাদ ৷৷


(ইউনিক'ডীয় ৰূপান্তৰ - মৌচুমী ভূঞা চৌধুৰী)  

No comments: