সৌৱা সুৱগী সৰোজ নলিনী
শুভ্ৰ
ৰূপৰ পাহিটি মেলি
নিশা জোনাকৰ চন্দন সানি
নিশাৰাজ্যৰে
কৰিছে কেলি
আমোলাই
সুৰভি সুবাসে নাচে
লীলায়িত
লয়লাসে
সৰি-জহি যাব দুদিনতে ?
কিনো
ক্ষতি তাত
দুদিনতে সকলো নিমাত
দুদিনতে খেলি লোৱা খেলা অনন্তৰ
দুদিনীয়া পদুমৰ চকাত
উজলি
উঠে
মুখখনি চিৰসুন্দৰৰ ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment