ময়ে শূদ্ৰ
এৰা
এৰা ময়ে শূদ্ৰ
আজি ই শতাব্দীৰ গৰ্ভ বিচাৰি জাগো
ময়ে
নৰৰূপী শূদ্ৰ
শূদ্ৰ শূদ্ৰ ময়ে
ক্ষুদ্ৰৰো
ক্ষুদ্ৰ ৷
মোৰ বুকুৱেদি গ’ল
শতাব্দী
ষতাব্দী ধৰি
ধনিকৰ
বণিকৰ
কত
স্বৰ্ণৰথ
ময়েই পূৰালো মনোৰথ
ভোগী
বিলাসীৰ
মই বলি ধনিক লক্ষ্মীৰ ৷
মোৰ তেজ
মোৰ মাংস
মোৰ হাড়-হিমজুৰে
গঢ়ি
দিলো সভ্যতাৰ
জোনাকী
কাৰেং
কত
শতাব্দীৰ
মোৰ চকুপানীয়েই
অভিজাত
সুন্দৰীৰ
মুকুতাৰ
মণিটো
ডিঙিৰ
৷
হেজাৰ বছৰ গ’ল
ক’ত
পিৰামিড্ হ’ল
সম্ৰাটৰ
কাৰেঙৰ দল
মন্দিৰ
মঠ কত
কত দ’ল-দেৱালয়
সৌন্দৰ্য্যৰ
ই তাজমহল
মোৰ হাড় গুৰা কৰি
মোৰ তেজ পানী কৰি
তিলতিলকৈ
আয়ুসকো
ক্ষয় কৰি
দিলো
গঢ়ি সভ্যতাৰ যত সমদল
মোলে’
কিন্তু একোকে নৰল
একোকে
নৰল ৷
মাথোঁ হুমুনিয়া
মাথোঁ উপবাস
মাথোঁ পঁজাঘৰ বাৰিষা উৰুখা
ল’ৰা-ছোৱালীৰ
ভোক ভোক
জীৱনৰ যত ৰোগ শোক ৷
[জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত-কৱিতা]
[ইউনিক’ড ৰূপান্তৰ: দিগন্ত শইকীয়া]
No comments:
Post a Comment