কথাঃ-আকৌ যদি যাব লাগে শৰাইঘাটলৈ লুইতপাৰৰ ডেকা বন্ধু নেথাকিবা ৰৈ, নেথাকিবা ৰৈ...
-
(আকৌ যদি যাব লাগে শৰাইঘাটলৈ
লুইতপাৰৰ ডেকা বন্ধু
নেথাকিবা ৰৈ ←২) ←২
আকৌ যদি যাব লাগে শৰাইঘাটলৈ
লুইতপাৰৰ ডেকা বন্ধু
নেথাকিবা ৰৈ ←২
-
(থৌকি বাথৌ বৰ লুইতৰ
কোবাল সোঁতে পাই
শঠ প্ৰতাৰক সকলোকে নিয়ক উটুৱায়) ←২
বাউসী পাহোৱাল ডেকা
শংকা কিহলৈ ←২
-
আকৌ যদি যাব লাগে শৰাইঘাটলৈ
লুইতপাৰৰ ডেকা বন্ধু
নেথাকিবা ৰৈ ←২
-
(দিশে দিশে চুকে কোণে দানৱতাৰ গান
সৰলতা মানৱতা আজি ম্ৰিয়মান) ←২
শোকাতুৰা আইৰ চকুলো ←২
চাবা কেনেকৈ ←২
-
আকৌ যদি যাব লাগে শৰাইঘাটলৈ
লুইতপাৰৰ ডেকা বন্ধু
নেথাকিবা ৰৈ ←২ ।।
-
(ইউনিক'ডীয় ৰূপান্তৰ- গীতাৰ্থ বৰদলৈ)
2 comments:
Apurba
ঋতুপণ
Post a Comment