আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন,
আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন |
জোনাকত উপঙিল
কিহবাৰে ৰাগী
কেনেবা কৰিলে মন !
বুকুৰে বান্ধৈ ঐ
কেনেবা কৰিলে মন |
বান্ধৈ ঐ ঐ ঐ...
কেনেবা কৰিলে মন |
বগা ডাৱৰৰে মূৰতে পাগুৰি
কোননো কোঁৱৰ আহি
দোক-মোকালিতে মোৰে দূৱাৰতে
কিয় ভুমুকিয়ালেহি |
বান্ধৈ ঐ ঐ ঐ...
কেনেবা কৰিলে মন |
বুকুৰ বান্ধ ঐ
চিনোঁ কি নিচিনোঁ লাগে,
সৰা শেৱালি বাটে কাহানিবা
দেখি চিনোঁ যেন লাগে |
চিনোঁ কি নিচিনোঁ
একো নুগুণিলোঁ
অচিনা দৰতে মজি,
বুকুৰে মাজৰে
পগলা বৰাগী
ৰঙতে নাচিলোঁ আজি;
বান্ধৈ ঐ ঐ ঐ...
কেনেবা কৰিলে মন |
আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন,
আহিন মহীয়া শেৱালি সৰিলে
নিয়ৰত তিতিলে বন ||
গীতিকাৰ:
পাৰ্বতি প্ৰসাদ বৰুৱা
(ইউনিক'ডীয় ৰূপান্তৰ- প্ৰাঞ্জল বড়া)
2 comments:
"জোনাকত উপঙিল/কিহ’বাৰে ৰাণী" নহয়, "কিহবাৰে ৰাগী"-হে।
"সৰা শেৱালীত বাতে কাঁহ আনিলা দেখি চিনোঁ যেন লাগে" নহয়। "সৰা শেৱালী বাটে কাহানিবা দেখিছিলোঁ যেন লাগে"-হে।
"চিনোঁ কি নিচিনোঁ একো নুশুনিলোঁ" নহয়, "একো নুগুণিলোঁ"-হে (যেনে, "ভাবি-গুণি")।
"বুকুৰে মাজৰে অবলা ব’ৰাগী" নহয়, "পগলা বৰাগী"-হে ('অবলা' স্ত্ৰী লিংগ)।
এইখিনি অনুগ্ৰহ কৰি শুধৰাই দিব।
ধন্যবাদ, শুদ্ধ কৰি দিয়া হ'ল।
Post a Comment