ৰূপহ কোঁৱৰৰ চুমা-পৰশতে
লাজুকী কুঁৱৰী মৰহি যায় ৷
সোণতে সুৱগা আহি সানি দিলে
গোলাপী গালতে ৰঙে চৰাই ৷
সপোনৰে সখা আহি দিলে দেখা
দিয়া সখী দিয়া হিয়া বিলাই ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment