ৰূপৰে পানীতে সোণৰে পানচৈ
মেলি দে ঐ
মেলি দে, মেলি দে, মেলি দে ঐ ৷
পখিলা পাখিৰে পালে উৰুৱাই
ফুলৰে পাতৰে হৈ
সৌ নীল আকাশৰ কোন সীমনাত
বাজে অসীমৰে বাঁহী
তাত নিদ্ৰাৰ আন্ধাৰ ভেদি
জাগে অৰুণৰে হাঁহি
তালৈ, তালৈ
মেলি দে, মেলি দে, মেলি দে ঐ
৷
জীৱন পাৰৰ সেউজী পথাৰ
মৰণক আকুল ফেনে-ফোটোকাৰে
পাছতে এৰি থৈ
বিৰহৰে বেজাৰতে আনন্দ জিলিকে
মিলনতে বিৰহ লিখা
জীৱন মৰণ জিনি জিলিকে
প্ৰণয়ৰে ধ্ৰুৱতৰা
উজলি উজলি মাতিছে ঐ
পোহৰলৈ, পোহৰলৈ,
জ্যোতিৰ দেশলৈ ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ:
দিগন্ত শইকীয়া)
No comments:
Post a Comment