গাঁৱৰে ডেকা মই
গাঁৱৰে ডেকা
নুশুনো ছলাহীৰ
কথা একা বেঁকা
মই ন পোহৰৰ ডেকা ৷
কৌটিকলীয়া
চকুৰে চামনি
এৰুৱাই পৃথিৱী চাওঁ
নাঙলৰ
শিৰলুত
লিখা কথাখিনি
এতিয়াহে বুজি পাওঁ ৷
মাটি
মোৰ আপোন ঐ
মাটি
মোৰ সপোন ঐ
মাটি মোৰ নিজাপী ঘৰ
নাঙলৰ
ফালেৰে
মাটিত ভাইগ’ আঁকো
মাটিকে মাগিছোঁ বৰ ৷
মাটিয়ে
পোহৰে
গুণাগঁথা কৰি
মানুহকৈ স্ৰজিলে মোক
পেটৰে
পোৰণি
মাটিয়ে গুচাই ঐ
পোহৰে মনৰে ভোক ৷
গাঁৱৰে
ডেকা মই
যাৱে আগেবাঢ়ি
আঁতৰাই জেঙনি
চাই কি
পোহৰৰ হেঙুলি ৰেঙণি
মচি
যাম মচি যাম আমাৰে মুখৰে
যাউতীযুগীয়া চেকা
গছকি খচকি বোকা আগেবাঢ়ো
মই গজলীয়া, মই গাঁৱলীয়া
ন পোহৰৰে ডেকা ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment