গাঁৱৰে সোণ অ’
গাঁৱৰে
সোণ
তয়ে
হবি দেশৰে জিলিকা জোন
গাঁৱৰে
সোণ অ’ গাঁৱৰে সোণ ৷
গাঁৱৰ নামেঘৰত
কোনে
খোল বজাৱ
ভোৰতাল
ৰজনে জন
চৰণীয়া পথাৰত
কোনে
বাঁহী বালি
কোৰে
উৰণিয়া মন
গাঁৱলীয়া বাটেৰে
লুইতৰ ঘাটেৰে
পৃথিৱী
চাবলৈ ওলালি কোন ?
গাঁৱৰে
সোণ
তয়ে
হবি দেশৰে জিলিকা জোন ৷৷
(জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে ৰচা গীত; ১১/০৯/১৯৪৯)
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
No comments:
Post a Comment