Assamese
Song: Bihurey Kothia (Bihu)
Film: Koka Deuta Nati Aru Hati
Singer: ?
Music
Director: Ramen Baruah
Year: 1982
পুৰুষ: বিহুৰে কঁঠীয়া কোনে সিঁচি গ’লে
কোনে ৰচি গ’লে গীত
অ’...
মন ৰমে-ৰমায় বুকু হমে-হমায়
অলীয়া বলীয়া চিৎ !
নাৰী: তুমি ৰিঙি মাৰা
কোনোবা দিহিঙত
মই যে হেমেলি ঐ চাওঁ
দুখ হে
আহি মোৰ বুকুত মোৰ শাল মাৰে ঐ
অ’ তোমাক
ধান কেতিয়া পাওঁ !
পু: স: ঢোলে
খমে খমায়
মূগাৰে
ঐ মেখেলা
মূগাৰে ঐ মেখেলা
মাজত জিলে-মিলায় ৰিহা !
ঘামত তিৰে-বিৰায়
ডাল ডুৰি ঐ মুকুতা
ডাল ডুৰি ঐ মুকুতা
কেঁচা সোণ বৰণৰ দেহা !
না: স: লৈ লুৰৈ লৰি-লৰি
চৰাই লৰি-লৰি
চৰাই লৰি-লৰি
ঠগ খাই মাৰিলি মূৰা
মন যে পাখি লগা
ৰাখিব ঐ নোৱাৰো
ৰাখিব ঐ নোৱাৰো
চেনাইয়ে কি কৰে কৰা ,
সোঁত এইবেলি অ’..
উটিলে এইবেলি !
উটিলেএইবেলি !
দেহা খাওঁতে এইবেলি গ’লো
মোৰ তালে কেতিয়া অ’..
ঢোলৰ চাপৰ মাৰে !
ঢোলৰচাপৰ মাৰে
দেহা পেঁপাৰ মাত কেতিয়া শুনো !
পু: স: মাতো জুৰণীয়া অ’..
মাজ নিশাৰ বাঁহীটি
মাজনিশাৰ বাঁহীটি
মাকন পাতল জুৰণীয়া কাঁহী !
মন মোহনীয়া অ’..
মাছ
অনাৰ হাঁহি কণ
মাছঅনাৰ
হাঁহি কণ
মাকন
তেজাল পদুমৰে পাহি !
অ’
লাহী কঁকাল ছাহী কঁকাল
না: স: লাহী
জোৰা !
পু: স: অ’
লাহে লাহে চকুৱে হাঁহে
না: স: মুখে
হাঁহে !
সমস্বৰে: অ’
লাহে লাহে ব’হাগ আহে
একেখন
চোতালত বহি !
বোলছবি/এলবাম: ককাদেউতা
নাতি আৰু হাতী
গায়ক/গায়িকা: ?
সংগীত
পৰিচালক: ৰমেন বৰুৱা
(ইউনিক’ড ৰূপান্তৰ: দিগন্ত
শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
No comments:
Post a Comment