Assamese Song:  Mayabi
nikharey rupali sondroma
Film:                       Kazarangar Kahini
Singer:                   Mihir
Bordoloi
Music Director:    Anopam Choudhury 
Year:                      1981
মায়াবী নিশাৰে ৰূপালী চন্দ্ৰমা
তুমি দূৰণিৰে আকাশী কল্পনা
মোৰ নিলিমাতে উজলি উজলি
দিবা জানো আনি সাৰদী পূৰ্ণিমা
মায়াবী নিশাৰে ৰূপালী চন্দ্ৰমা
তুমি দূৰণিৰে 
কল্পনা !
সাগৰে যিদৰে জোৱাৰ তুলি 
তোমাৰ পৰশ বিচাৰিলে
সীমাৰে আৱৰা মোৰ জীৱনে
জোনালী সপোন সাৱটিলে
জানো বাতুলতা মোৰ এই কামনা
মায়াবী নিশাৰে ৰূপালী চন্দ্ৰমা
তুমি দূৰণিৰে 
কল্পনা !
মৰমী হাঁহিৰে মোৰ পৃথিৱীক
দিয়া উপচাই জোনাকেৰে !
সুৰীয়া বাঁহীৰে পণটি বাটি
ওঁঠত বাজি পুলকৰে
আহি দিয়া জীৱনৰ লগত প্ৰেৰণা !
মায়াবী নিশাৰে ৰূপালী চন্দ্ৰমা
তুমি দূৰণিৰে 
কল্পনা ।। 
বোলছবি/এলবাম:  কাজিৰঙাৰ কাহিনী
গায়ক:                    মিহিৰ বৰদলৈ          
সংগীত পৰিচালক:   অনুপম চৌধুৰী 
(ইউনিক’ড ৰূপান্তৰ:     দিগন্ত শইকীয়া)
[ বি:দ্ৰ:- গীতটো শুনি লিখা, কিবা ভুল দেখিলে আঙুলিয়াই দেখুৱাই দিয়ে যেন ]
3 comments:
গানৰ কথা শেষৰ শাৰীত,,,,এনে যেন লাগিছে
....সুৰীয়া বাঁহীৰে পণটি বাটি
ওঁঠত বাজি পুলকেৰে,....
আৰু সঙ্গীত পৰিচালক,,, অনুপম চৌধুৰী দেৱ
ধন্যবাদ, শুদ্ধ কৰি দিয়া হ'ল।
অসমীয়া ৱিকিপিডিয়াত সংগীত পৰিচালক সুধীন দাসগুপ্ত বুলি উল্লেখ কৰিছে, এবাৰ চাবচোন
https://as.m.wikipedia.org/wiki/%E0%A7%A7%E0%A7%AF%E0%A7%AE%E0%A7%A6_%E0%A6%A6%E0%A6%B6%E0%A6%95%E0%A7%B0_%E0%A6%85%E0%A6%B8%E0%A6%AE%E0%A7%80%E0%A6%AF%E0%A6%BC%E0%A6%BE_%E0%A6%9A%E0%A6%B2%E0%A6%9A%E0%A7%8D%E0%A6%9A%E0%A6%BF%E0%A6%A4%E0%A7%8D%E0%A7%B0%E0%A7%B0_%E0%A6%A4%E0%A6%BE%E0%A6%B2%E0%A6%BF%E0%A6%95%E0%A6%BE
Post a Comment