হে শ্যাম কানু দূৰৈ হৈ নাযাবা
সোণৰ
বাঁহী গঢ়াই দিম ঘৰতেই বজাবা 
নন্দেৰ
ঘৰে যদু তুমি আছিলা যে সৰু
পঞ্চ
বয়সতে তুমি ৰখাইছিলা গৰু 
হে শ্যাম কানু দূৰৈ হৈ নাযাবা
সোণৰ
বাঁহী গঢ়াই দিম ঘৰতে বজাবা 
ঐ
ৰাম নন্দেৰ দুলাল বাচা তুমি নন্দেৰ দুলাল
এত
ৰাত্রি গৰু চাৰে কাৰ হে ছৱাল 
লোকৰ
বাছা ডাঙৰ দীঘল মোৰে
বাচা সৰু
সিংহ
ব্যাঘ্র লগে চৰে তাতে চাৰে
গৰু 
হে শ্যাম কানু দূৰৈ হৈ নাযাবা
সোণৰ
বাঁহী গঢ়াই দিম ঘৰতে বজাবা 
চিৰা
থৈছোঁ আখৈ থৈছোঁ, থৈছোঁ
ঘৃত লাৰু
শীতল
পাটি পাৰি থৈছোঁ, তাতে থৈছোঁ গাৰু 
আগে
ধেনু পাশে ধেনু, মুখে বংশী বায়
বন
পুষ্প মালা পিন্ধি গো
ধেনু চৰায় 
হে শ্যাম কানু দূৰৈ হৈ নাযাবা
সোণৰ
বাঁহী গঢ়াই দিম ঘৰতে বজাবা
হে শ্যাম কানু দূৰৈ হৈ নাযাবা
সোণৰ
বাঁহী গঢ়াই দিম ঘৰতে বজাবা  ৷৷
(ভূপেন হাজৰিকাদেৱে ৰচা উষা মঙ্গেচ্কাৰৰ কন্ঠেৰে নিগৰিত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)
 
 
No comments:
Post a Comment