অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শাৰদী ৰাণী


শাৰদী ৰাণী
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন..
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতী নিশাৰ সপোন
শাৰদী ৰাণী
তোমাৰ হেনো নাম

শুভ্র নীলা ওৰণি খনি
কুঁৱলী সূতাৰে বোৱা
পাতল ৰিহাখনি
থৰ লগা বিলখনি
থৰ লগা বিলখনি
তোমাৰ শুৱনি দাপোণ
শাৰদী ৰাণী
তোমাৰ হেনো নাম

কপাহ মেঘৰ অহা যোৱা
সেউজী ঘাঁহৰ সিমানী
সোণালী ৰ,শৰালিৰে জাক
তুমিয়েই আনিলা কিজানি
শেৱালি কোমল হাঁহিটি মাৰি
কৰাহি সাজোন কাচোন
শাৰদী ৰাণী
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন..
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতী নিশাৰ সপোন
শাৰদী ৰাণী
তোমাৰ.. হেনো নাম.. ৷৷


(কলকাতা, দহ আগষ্ট ,১৯৭৮)
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: