অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ ভাৰতৰে পঁজা ঘৰত


ভাৰতৰে পঁজা ঘৰত
নৈ পাৰত
সোণ পথাৰত
বাজক সুখৰ বাঁহী
বাজক সুখৰ বাঁহী ৷

          পঞ্চনদী গোদাবৰী
          মহানদী আৰু কাবেৰীৰ
          সোঁতত উঠক ভাঁহি
          পৃথিৱী ঘূৰি
          বহু ফুৰি,
          এই ভাৰতৰ চৰণ চুমিম
          জনম জনম আহি ৷৷

দূৰৈৰ আজান
বাউলৰ গান,
মিঠা কলতান
মৃদু তাল-মান
বাজক আকাশ ছানি,
কঁহুৱা বনৰ
কোমল মনৰ
লুইত পাৰৰে বগলীৰে
বগা পাখিত লাগি ৷৷

(কলকাতা : ১৯৮৪ চন)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: