অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ ভাৰতীৰে


ভাৰতীৰে !
পৃথিৱীৰে !
স্বাধীনচিতীয়া দল
ভাৰতী স্বাধীন হল ৷

          ঘিট্ মিট্ এন্ধাৰ কঙ্কালসাৰ !
          অতীত অন্ত হল ৷
          অতীত নাশি নৱ জেউতি
          জিল্ মিলায় জল্ মল্ ৷৷


অগ্রদূত সৱে যাম আগুৱাই
তৰঙ্গ সম কৰি কল্ কল্
পৃথিৱীৰ প্রগতিৰ হকে আমি
পান কৰি দুখ হলাহল ৷

          সাম্যৰ মন্থন পাতিব লাগিব
চূৰ্ণ কৰি শোষণ অনল
          মুমূৰ্ষু জনতাই নৱ চেতনাত
তোলক আনন্দৰ কোলাহল ৷

ভাৰতীৰ দৃষ্টি ভাৰতীৰ কৃষ্টি
সকলো মহীয়ানহ
মহামানৱৰ মহা বাণীয়েই
যাচে নিতে মহাবল ৷

          চিক্ মিক্ হাতীপটি বিপ্লৱী বাটটি
          সন্মুখত পৰি ৰল ৷
          কৰাঁ অভিযান মহা অভিযান
          জ্যোতিৰ সৃষ্টি অবিৰল
          ৰূপ সৃষ্টি অবিৰল ৷

(কথাছবি : বিপ্লৱী , ১৯৪৮ চন)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: