অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কঁহুৱা কোমল উশাহ মোৰ


কঁহুৱা কোমল উশাহ মোৰ
বন্ধ হব খুজিছে
বন্ধ আকাশ গলি গলিছে
বন্দিনী ৰূপে আহিছে ৷৷

উশাহ কিহৰ
মিঠা মৰমৰ
আকাশ কিহৰ
মিঠা প্রণয়ৰ
ব্যাখ্যা কৰাৰ চেষ্ঠা মিঠা
পিছে দুটি প্রানৰ এতি প্রনয়ৰ
সঙ্গম আৰু মিঠা
উন্মুক্ত আকাশ গলি গলি যেন
আলি ! ন  হৈ পৰিছে ৷৷

যুগ যুগান্তৰৰ মিলন বাসনাই
মিঠা আমনি কৰিছে
কিছু আশা কিছু নিৰাশা
প্রকাশবিহীন হৈ পৰিছে ৷৷

(কথাছবি: মা, ১৯৮৩ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: