কথা :
ডেকা : জানকী,
গাভৰু : ওঁ
ডেকা : কিয়.. এই
সংযমহীন আচৰণ ?
গাভৰু : কিয় ?
গীত :
গাভৰু: এই ধুনীয়া
গধুলি লগন
সংযমহীন আচৰণ
সমাজৰ আঁৰতে নিয়ম ভাঙি
কিয় দুয়ো দুয়োতে মগন ?
ডেকা : কিয় বাৰু ?
গাভৰু: এই ধুনীয়া
গধুলি লগন !
কথা: ডেকা: প্রেমনো কি ?
গীত:গাভৰু: প্রেম যেন বহুতো কটাৰীৰ খেল
শানিত কটাৰী চলে;
শন্ শন্ শবদে বুকু
ভেদিলে
বাধা দিব কোন কৌশলে ...?
কথা:ডেকা: কিয় এই আকৰ্ষণ ?
গীত: গাভৰু: এই ধুনীয়া গধুলি লগন .. !
গীত: গাভৰু:
জীৱন এন্ধাৰ জগত এন্ধাৰ
তুমিতো বিজুলিৰ চাকি;
তোমাৰ জ্যোতিয়ে যদি
বুকু পোহৰায়
দিলাই বা অকমান ফাঁকি ৷
অঘৰী জীৱন অকলশৰীয়া
পাপ যদি হয় মই জগৰীয়া
কম্পিত বুকুতেই আকলুৱা
দুটি বাহু মৰম-বলিয়া ৷
কথা;গাভৰু: দিয়া মিঠা
আলিঙ্গন ৷৷
ডেকা: ওঁ
গীত :গাভৰু : এই ধুনীয়া ....গধুলি লগন .... !!
(কথাছবি: মন
প্রজাপতি, ১৯৭৮ চন )
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment