অনুসন্ধান আকাংক্ষাত

Sunday, April 8, 2012

এই পানী


উত্তৰে পানী...
এই পানী
কিযে পানী
দুৰ্ব্বিষহ পানী
তৃষ্ণাৰ্ত্তৰ ই নহয়তো পানী
শুকান ধৰিত্রীৰ অশ্রুভৰা
নহয় ই আকূতি এই বানপানী ৷৷
এই পানী ত্রাসৰ
এই পানী বেজাৰৰ
এই পানী মৃত্যুৰ কুসংবাদ ৷
এই পানীয়ে
মাতৃস্তনৰ পৰা
কেঁচুৱাক কাঢ়ে নি
মৃতদেহলৈ পৰিণত কৰে ৷
উত্তৰে পানী ...
এই পানীয়ে
মানুহৰ সকলো
বুদ্ধি-বৃত্তিক
উপলুঙা কৰি কৰি
লথিয়াই থৈ যায়
সহস্র গাঁৱৰে ঘাট ৷
এই পানী ভয়াৱহ
বিষাক্ত মৃত্যুৰ মহা আৰ্ত্তনাদ
উত্তৰে পানী....

(গুৱাহাটী: ৩১ মে ১৯৯০ চন)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: