অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

ঢাক্ ঢাক্ ঢাক্ ঢাক্


ঢাক্ ঢাক্ ঢাক্ ঢাক্
ঢাক্ ঢাক্ ঢাক্ ঢাক্ ঢাকেই বাজালি !
লাখ্ লাখ্ তহঁত থাকিও একো নেপালি !
ঢাক্ ঢাক্ ঢাক্ ঢাক্
ঢাক্ ঢাক্ ঢাক্ ঢাক্ ঢাকেই বাজালি !
লাখ্ লাখ্ তহঁত থাকিও একো নেপালি !

খাটি খোৱা তহঁতবোৰক দোস্ত কৰি লৈ
কুবুদ্ধিৰে দৈত্যবোৰে তেজ শুহি লয় ,
যুগে যুগে ঠগ্ খায়ো নুবুজা হলি
লাখ লাখ তহঁত থাকিও একো নেপালি ৷

ুখৰ ভাষা বুকুৰ আশা বন্ধকত থলি
সেই বাবে কেঁচা যৌৱন নিশা বেচিলি !
হিম্মতবিলাক হেৰুৱাই কলৈ পলালি
লাখ লাখ তহঁত থাকিও একো নেপালি !

ভেড়াৰ পালৰ দৰে আজি বাচি কিয় আছ ?
এন্ধাৰ এন্ধাৰ গলিৰ মাজত ক্ষণ গণিছ ৷
ভেড়া নহৈ তেজাল ঘোঁৰা কিয় নহলি
লাখ লাখ তহঁত থাকিও একো নেপালি ৷

কথা:-
জন-অৰণ্য,ধোদ জঘন্য, পুঁজিপতি ধন্য 
গীত:-
জন-অৰণ্য,ধোদ জঘন্য, পুঁজিপতি ধন্য 
বনুৱা পন্য , গন্য-মান্য সমাজো অনন্য
মুখা পিন্ধা বৰ মানুহক প্রনাম কৰিলি
নাই নাই নাই তোৰ ইজ্জত বেচিলি ৷

ঢাক্ তো মাথোঁ বাজনা নহয়
ঢাক্ তহঁতৰ অস্ত্র
ঢাক্ তো মাথোঁ বাজনা নহয়
ঢাক্ তহঁতৰ অস্ত্র
শোষকহঁতক নাঙঠ কৰ
কাঢ়ি সিহঁতৰ বস্ত্র.. !
(এক) নতুন সমাজ গঢ়িবলৈ পণ কৰিলি !
জাগ্ জাগ্ তেজাল ঘোঁৰাৰ চিঞৰ মাৰিলি ৷
নতুন সমাজ গঢ়িবলৈ পণ কৰিলি
নতুন সমাজ গঢ়িবলৈ পণ কৰিলি
নতুন সমাজ গঢ়িবলৈ পণ কৰিলি ৷৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: