অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

ফাগুণী জোনাক ঐ


ফাগুণী জোনাক ঐ
আহিছাঁ কি বাতৰি লৈ !
ফাগুণী জোনাক ঐ
আহিছাঁ কি বাতৰি লৈ ,
ফাগুণী জোনাক ঐ
বাঁহীটি বাজিছে সুৰটি আহিছে !
বাঁহীটি বাজিছে সুৰটি আহিছে !
মন উৰণীয়া কৈ;
ফাগুণী জোনাক ঐ
ফাগুণী জোনাক ঐ ৷

ভগা এই টোকাৰী
গুৰ মোৰ হেঁৰালে !
ভগা এই টোকাৰী
গুৰ মোৰ হেঁৰালে,
বাঁহীৰে সুৰটি
বুজো কি নুবুজো.. !
বাঁহীৰে সুৰটি
বুজো কি নুবুজো
বুজো যেন লাগিছে ঐ !
ফাগুণী জোনাক ঐ
আহিছা কি বাতৰি লৈ !
ফাগুণী জোনাক ঐ ৷

দূৰণীৰ চিনাকী
ফাগুণৰ জোনাকী
দূৰণীৰ চিনাকী
ফাগুণৰ জোনাকী
দূৰণীৰ গাঁৱৰে
পুৰণি বান্ধৈ.. !
দূৰণীৰ গাঁৱৰে
পুৰণি বান্ধৈ
বাট চাই
আছে যেন ৰৈ !
ফাগুণী জোনাক ঐ
আহিছা কি বাতৰি লৈ
ফাগুণী জোনাক ঐ
আহিছা কি বাতৰি লৈ
ফাগুণী জোনাক ঐ
বাঁহীটি বাজিছে সুৰটি আহিছে !
বাঁহীটি বাজিছে সুৰটি আহিছে !
মন উৰণীয়া কৈ;
ফাগুণী জোনাক ঐ !
ফাগুণী জোনাক ঐ
ফাগুণী জোনাক ঐ ৷৷

(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: