১ম নাৰী:          অ’... মই লিচু
২য় নাৰী:          অ’ ...মই বকুলি
৩য় নাৰী           অ’ ....মই মইনা
৪ৰ্থ নাৰী           আৰু ...মই আল্পনা
১ম নাৰী:          পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়... ?
স:না:               পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়..
কিবা গুণি আপোন মনে..
কিবা গুনগুনায় ..
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় 
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়.. !
১ম নাৰী:          দুগদুগী নাই ৰিহা নাই
আধুনীকাৰ সাজ
২য় নাৰী:          দুগদুগী নাই, ৰিহা নাই
আধুনীকাৰ সাজ
৩য় নাৰী           আমাৰ সখী চহৰ এৰি
পালে গাঁৱৰ মাজ 
স:না:               গাঁৱৰ শোভা দেখি সখীৰ
                        গাঁৱৰ শোভা দেখি সখীৰ
হিয়া – মন জুৰায়
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় ?
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায়.. !
৪ৰ্থ নাৰী           বেৰজহা সখী কিয়
আমাক সোধা যদি,
বেৰজহা সখী কিয়
আমাক সোধা যদি
(কওঁ) গাঁৱৰ আয়ুসৰেখা হ’ল
পাগলাদিয়া নদী 
স:না:               এই নদীৰ পানীৰে আমাৰ
                        এই নদীৰ পানীৰে আমাৰ
দেহা শীতলায় 
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় ?
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় !
১ম নাৰী:          আমাৰ সখী সুখী কিয়
                        আমাৰে সখী ......!
                        আমাৰ সখী সুখী কিয়
আমাক সোধা হওঁক
২য় নাৰী           (কওঁ)ঘৰতে পাইছে এক
কলিৰ কৃষ্ণ লগ
৩য় না:             সেই কৃষ্ণই সখীৰ নয়ন
সেই কৃষ্ণই সখীৰ নয়ন
নয়ন ভৰি চায়..
স:না:               পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় ?
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় ...!
কিবা গুণি আপোন মনে
কিবা গুনগুনায় 
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় ?
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় !
পাগলাদিয়াৰ পাৰে পাৰে
কোন সুন্দৰী যায় !!
(লোনাৱালা: পুনা)
(ভূপেন
হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment