অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পৰহি পুৱাতে টুলুঙা নাৱতে


পৰহি পুৱাতে টুলুঙা নাৱতে
ৰংমন মাছলৈ গ
মাকে মাৰিবলে নেলাগে যাবলে
ধুমুহা আহিবৰ হল ৷

ৰবাত কেনেবাক ঘঁৰিয়ালে ধৰিব
বৈ যাব তেজৰে ধল

গধূলিৰে পৰতে বৰ্‌হমপুত্রৰ মাজতে
বৰ্‌হমপুত্রৰ মাজতে
ৰংমন নাইকীয়া হল ৷

হিয়াখনি ভুকুৱাই আকাশলে চাই চাই
হিয়াখনি ভুকুৱাই আকাশলে চাই চাই
ৰহদৈ বাউলী হ !

ঢৌ যা: গুচি নিশাকে নেউচি
 ৰংমনক আনিবৰ হ!

ঢৌবোৰে সাটি ৰংমনৰ দেহাটি
ৰংমনৰ দেহাটি !
পাৰতে শুৱাই থৈ গ   
পৰহি পুৱাতে টুলুঙা নাৱতে
 ৰংমন মাছলৈ গ
মাকে মাৰিবলে নেলাগে যাবলে
ধুমুহা আহিবৰ হল ৷

হিয়াখনি ভুকুৱাই আকাশলে চাই চাই
হিয়াখনি ভুকুৱাই আকাশলে চাই চাই
ৰহদৈ বাউলী হ !

ঢৌ যা: গুচি নিশাকে নেউচি
 ৰংমনক আনিবৰ হ !

ঢৌবোৰে সাবটি ৰংমনৰ দেহাটি
ৰংমনৰ দেহাটি !
পাৰতে শুৱাই থৈ গ  , 
পৰহি পুৱাতে টুলুঙা নাৱতে
 ৰংমন মাছলৈ গ

(গুৱাহাটী ১৯৫৪ চন)                
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: