অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মই আহিছোঁ মই আহিছোঁ


মই আহিছোঁ .. ←৩

শত শ্বহীদৰ সপোনকে লৈ ←২

বাট ..
ঘাট ..
নদ ..
পাহাৰ পাৰ হৈ
বাট ঘাট নদ পাহাৰ পাৰ হৈ
পৃথিৱীক আজি মুক্তিৰ গান
শুনামেই বুলি আহিছোঁ !
মই আহিছোঁ ..←৩


আগৰতলাৰ  শ্বহীদ শ্রমিক
মই ব্ৰজলাল অধিকাৰী
মোৰ কন্ঠেৰে গণ চেতনাৰ
গীত পৰে নিগৰি
শ্বানদিয়াগোৰ জ' হীল মই ←২
এমেৰীকাৰ পৰা আহিছোঁ
মই আহিছোঁ ..←৩


পৰিৱৰ্তনৰ বাটে বাটে
লৈ যাওঁ বুৰঞ্জীক
মই মাৰ্টিন লুথাৰ কিং
মই জুলিয়াছ ফুছিক
পৰিৱৰ্তনৰ বাটে বাটে
লৈ যাওঁ বুৰঞ্জীক
বাংলাদেশৰ জাহিৰ ৰাইহান
আৰু আনোৱাৰ পাছা
ৰক্ত নদীৰে তুমি সাঁতুৰি
মোৰেই কাষতে আছা

কিউবাৰ পৰা আহিছো
মই আহিছোঁ ..←৩

শত শ্বহীদৰ সপোনকে লৈ←২

বাট ..
ঘাট ..
নদ ..
পাহাৰ.. পাৰ হৈ !
বাট ঘাট নদ পাহাৰ পাৰ হৈ
পৃথিৱীক আজি মুক্তিৰ গান
শুনামেই বুলি আহিছোঁ !

মই আহিছোঁ ←৬ ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: