নাৰী: অ’ হ’ ...
(আলাপ)
দুয়ো: অ’.. (আলাপ).. আ...
নাৰী: মিলনৰ এই শুভ ক্ষন
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন
দুয়ো: আ.. (আলাপ).. আ...
ভূ:হা: মিলনৰ এই শুভ ক্ষন
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন
নাৰী: লাজৰে বান্ধোন
খুলি যায় যায় !
লাজৰে বান্ধোন
খুলি যায় যায়
বুকুৱে সহাৰি
পায় পায়
অমৃত হৈ আলিঙ্গন
অমৃত হৈ আলিঙ্গন
দুয়ো: যেনেহৰে শৰীৰে মহামিলন
নাৰী: মিলনৰ এই শুভ ক্ষন
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন
ভূ:হা: দয়াৱতী পাৰ্বতী আই ..
নধৰিবা দোষ দায়
নাৰী: দয়াৱতী পাৰ্বতী আই ..
নধৰিবা দোষ দায়
দুয়ো: তোমাৰ আশিষ মাগিছোঁ
তোমাৰ শিখৰে নাচিছোঁ
পূজাৰ মুকুতি পাই
পূজাৰ মুকুতি পায়
না:স: আ... (আলাপ)
নাৰী: প্রণয়ৰে পৰিধি
নাই নাই !
প্রণয়ৰে পৰিধি
নাই নাই
অসীমৰে সীমা ৰিঙিয়াই !
সত্যম শিৱম সুন্দৰম !
সত্যম শিৱম সুন্দৰম !
সমস্বৰে:আ... (আলাপ)
নাৰী: সত্যম শিৱম সুন্দৰম !
সত্যম শিৱম সুন্দৰম !
দুয়ো: যুগে যুগে আমি দুয়ো
দুয়োতে মগন !
নাৰী: মিলনৰ এই শুভ ক্ষন
পখিলা উৰাদি উৰে মন
মৰমৰে এই আৱাহন
জীৱনৰে মধুৰ লগন
সমস্বৰে:আ... (আলাপ) ৷৷
(ভূপেন হাজৰিকা আৰু সুমন কল্যানপুৰৰ কন্ঠেৰে
নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment