[ পাৰ্বতি প্রসাদ বৰুৱাই জন্ম গ্রহন কৰিছিল
১৯০৪ চনত, ৰ’দত চিকিমিকাই
থকা সোণৰ চিৰ জ্যোতিষমান হৈ উঠে তেওঁৰ লিখনিত ৷ ]
আই মোৰ সোণৰে
অসমৰ
আই মোৰ সোণৰে
মন্দিৰ
আই মোৰ...
ৰ’দত চিকে মিকে কৰে !
আই মোৰ সোণৰে
কলচি..
সৰগ বৰষি..
আই মোৰ ..
জলমল জেউতি চৰে
৷
আই মোৰ
আইৰে চোতালত
আই মোৰ
পাৰিজাত ফুলিলে
আই মোৰ
গোন্ধে দশো দিশত
সৰে !
আই মোৰ..
আইৰে মজিয়াত !
সুগন্ধি জ্বলালে
..
আই মোৰ
চৌপাশ আমোলমোল
কৰে ....৷
আই মোৰ ..
আইৰে থাপনাত
আই মোৰ ..
কত সুৰ জাৰিয়ে
আই মোৰ
কতনো পূজা যোগালে... !
আই মোৰ
শংকৰ পুৰুষে..
কীৰ্ত্তনে পঢ়িলে..
আই মোৰ
মাধৱে বৰগীত
গালে ...৷
আই মোৰ ..
আইৰে চৰণত
আই মোৰ
ভকত চাপিছে
আই মোৰ
চৰণ সেৱা কৰো
বুলি !
আই মোৰ
সোমপীঠ কামপীঠ
ৰতনপীঠ মিলিছে !
আই মোৰ
শিৰত লৈ চৰণৰ
ধুলি... ৷
আই মোৰ ..
নিচলা সেৱকৰ
হে আই মোৰ
নি:কিন পূজা ভাগ
আই মোৰ !
নিঘিনি লোৱা আই
তুলি !
আই মোৰ ..
সেৱাৰ বঢ়া টুটা....
ক্ষেমিবা আই
মাতৃ..
আই মোৰ ..
দুখী্য়া নিচলা
বুলি !
আই মোৰ ..
দুখী্য়া নিচলা
বুলি !
আই মোৰ ..
দুখী্য়া নিচলা
বুলি ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত
শইকীয়া)
No comments:
Post a Comment