অনুসন্ধান আকাংক্ষাত

Thursday, April 5, 2012

আকৌ সেউজীয়াই বজালে বীণ

[Bhupen Hazarika's songs and Lyrics:- Akou Heujiyai Bojaley Been]


আকৌ সেউজীয়াই
বজালে বীণ
আঙুলি বোলালে
ঢোলতে ধিন
আকৌ সেউজীয়াই
বজালে বীণ
আঙুলি বোলালে
ঢোলতে ধিন;
আকৌ সেউজীয়াই
বজালে বীণ ৷

পুৰণি ধৰণিৰ
সেউজি উৰণি
বিৰিষৰ পিৰতে
জীৱনৰ অগনি
নকৈ জ্বলালে চিন ৷

পুৰণি ধৰণিৰ
সেউজি উৰণি
বিৰিষৰ পিৰতে
জীৱনৰ অগনি
নকৈ জ্বলালে চিন
নকৈ জ্বলালে চিন
আঙুলি বোলালে
ঢোলতে ধিন
আকৌ সেউজীয়াই
বজালে বীণ ৷

আহা সমনীয়া
গাঁৱলীয়া
ডেকা গাভৰু
চেঙেলীয়া
আহা সমনীয়া
গাঁৱলীয়া
ডেকা গাভৰু
চেঙেলীয়া
বীণৰে সুৰতে
ঢোলৰে বোলতে
নাচোঁনৰ চেউতে
জীৱনটি ওলতে
আহিছেঁ ৰঙৰে দিন !

বীণৰে সুৰতে
ঢোলৰে বোলতে
নাচোঁনৰ চেঁউতে
জীৱনটি ওলতে
আহিছেঁ ৰঙৰে দিন ..
আহিছেঁ ৰঙৰে দিন ...
আঙুলি বোলালে
ঢোলতে ধিন
আকৌ সেউজীয়াই
বজালে বীণ !
আঙুলি বোলালে
ঢোলতে ধিন,
আকৌ সেউজীয়াই
বজালে বীণ !
আঙুলি বোলালে
ঢোলতে ধিন
আকৌ সেউজীয়াই
বজালে বীণ ৷৷




(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: