না:স: অ’ ... (আলাপ)
ভূ:হা: কোন
ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
কোন ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
উখল মাখল বিহুতলি
ডেকা গাভৰুৰ নাচ
হেঁপাহ পলুৱাই চাওঁ !
কোন ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
আয়ৈ দেহি সোণপাহী
তোৰে কঁকাল লাহী !
নাচৰে মাজতে
চাই আমালৈ হাঁহি হাঁহি
চম্পা তগৰ মালতীয়ে
তাতে উজান দিয়ে ..
আমাৰ মনবোৰ কাঢ়ি নিয়ে ..
ঢুলীয়াৰ ঢোলৰ চেউ
ধিন দাউ.. ধিন দাউ দাউ
হেঁপাহ পলুৱাই চাওঁ..
কোন ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
না:স: অ’ ... (আলাপ)
না:স: অ’ ... (আলাপ)
না:স: অ’ ... (আলাপ)
ভূ:হা: ৰাংঢালী নাচনীহঁতৰ
কিনো যাদু নাচৰ ..!
ডেকা বুঢ়া বলীয়া হয়
চকুৰে পলকত
ৰাংঢালী নাচনীহঁতৰ
কিনো যাদু নাচৰ ..!
ডেকা বুঢ়া বলীয়া হয়
চকুৰে পলকত
খামুচীয়া কঁকালৰ
বেঁকা ভাজত
ৰাইজাই লাগে দেখি
আমাৰ মনত
বহাগৰ বলীয়া বাট
ফুলৰে গোন্ধ পাওঁ
হেঁপাহ পলুৱাই লওঁ
কোন ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
কোন ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
উখল মাখল বিহুতলি
ডেকা গাভৰুৰ নাচ
হেঁপাহ পলুৱাই চাওঁ !
কোন ক’ত আছ আহ ঔ আহ
ৰংপুৰ বাকৰি লৈ যাওঁ ..
ৰংপুৰ বাকৰি লৈ যাওঁ ..
ৰংপুৰ বাকৰি লৈ যাওঁ ৷৷
(ভূপেন হাজৰিকা
আৰু লগৰীয়া সকলৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া)
No comments:
Post a Comment