অনুসন্ধান আকাংক্ষাত

Monday, April 9, 2012

কোন অনামী নদী

কোন অনামী নদী
শুকাল এই বালিত
পৰি ৰল মাথো
স্মৃতিৰে চিন
মোৰো মনো যেন
বালিয়ে ডুবুৱা
কৰুণ নদীৰ দৰে
নিকৰুণ উদাসীন
কোন অনামী নদী
শুকাল এই বালিত ৷
-
বালিছন্দা যেন
চকুৰ টোপাল হ
বালিছন্দা যেন
চকুৰ টোপাল হ
কোন নদী এই
শৰীৰ দৰে
বালিতে টোপনি গল !
বালিতে টোপনি গ
এই নদী যেন এটি
শুই থকা দুপৰীয়া হুমুনিয়াহ
উদাসীন..
অন্তবিহিন..!
নিকৰুণ   উদাসীন...
নিকৰুণ  উদাসীন...
-
যি নদী এইয়া
বালিতে বিলীন
ভঙা শামুকৰ কণিকাত
মাথো ৰল চিন
মনো যেন মোৰ
শূন্যতাৰ দৰে
মনো যেন মোৰ
শূন্যতাৰ দৰে
জীৰ্ণ-শীৰ্ণ ক্ষীন
নিকৰুণ ..
উদাসীন...
অন্তবিহীন ৷৷
-
কথাঃ জয়ন্ত বৰুৱা 
সুৰঃ   অজিত সিংহ
(ভূপেন হাজৰিকাদেৱৰ কণ্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: