নৱমল্লিকাৰে হেঁপাহ জানো পলাব
মালিনী নৈতে ৰূপ চাই চাই
শকুন্তলা আইৰ জানো দেহাটি শিতলিৰে
পদুমৰে পৰশন পাই পাই ?
(দেহ ভঙ্গিমাৰে বিৱৰণী কিনো দিও
দেখিয়েই ভাষাটি হেৰায়)←২
হংসগামিনী সখী বন মৃগনয়নাই← ২
খোজে পতি পদুম ফুলায়, ফুলায়.......
নৱমল্লিকাৰে হেঁপাহ জানো পলাব
মালিনী নৈতে ৰূপ চাই চাই
(ময়ুৰপঙ্খী ৰূপী সপোনৰে ৰংবোৰে
হাঁহিটিত শেৱালি সৰায়)←২
গ্রমৰ গুঞ্জনধ্বনি শুনা যদি সখি তুমি
নেযাবা লৱৰি পলাই ! পলায়...
শকুন্তলা আইৰ জানো দেহাটি শিতলিৰে
পদুমৰে পৰশন পাই পায়
নৱমল্লিকাৰে হেঁপাহ জানো পলাব
মালিনী নৈতে ৰূপ চাই চাই ←২ ৷৷
(কথাছবি: শকুন্তলা, ১৯৬১ চন)
( ইলা বোস
আৰু অনামিকা দেৱীৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া)
No comments:
Post a Comment