ভূ:হা: যতনে.... সজোৱা...
হেঁপাহৰ ফুলনি.. ও..
অকালত মৰহে হায় .....
পুৱাৰে কলিটি ..
দুপাহি মেলিতে অ’ ....
হঠাতে লেৰেলি যায় ..
ঐ ইনো কি বিধা..ন গোঁসাই !
আন স: আ.... (আলাপ)
ভূ:হা: সুগন্ধি ফুলকে
ফুলনি উপাচাই
বিধিয়ে দিছিলে ৰুই !
উমলি জামলি..
তাকে তই জীয়ালি ..
আদৰৰ হাতৰে চুই
এতিয়া ফুল পা...হ .. !
এতিয়া ফুল পা...হ
মৰহি আছে যে শুই
পুৱাৰে কলিটি
দুপাহি মেলিতে অ’ ....
হঠাতে লেৰেলি যায় ..
ঐ ইনো কি বিধান গোঁসাই !
আন স: আ.... (আলাপ)
ভূ:হা: পোহৰ বিচাৰি
জুইকে ধৰিলে..
অ’ মুখত হঠাতে পাই..
আশাৰ সমাগ্নি
হ’ল যে চিতাগ্নি..
আশাৰ সমাগ্নি
হ’ল যে চিতাগ্নি...
কলিজা কৰিলে ছাই
শেতেলি বিচাৰি ... !
শেতেলি .. বিচাৰি..... !
পালে যে চিতাতহে ঠাই ..
পুৱাৰে কলিটি..
দুপাহি মেলিতে ও ....
হঠাতে লেৰেলি যায় ..
অ’ ইনো কি বিধান গোঁসাই ৷৷
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
2 comments:
May I know the meaning of 'সমাগ্নি'
Thanks
'সমাগ্নি' এটা যুক্তাক্ষৰ ,
সমাগ্নি = সম (সমান) + অগ্নি
চিতাগ্নি = চিতা + অগ্নি
Post a Comment