ভূ:হা:            লুইতৰ বলিয়া বা..ন
তই ক’লৈনো ঢাপলি
মেলিছ.. ?
হিৰ্ হিৰ্ শৱদে
কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ..?
সকলোৱে:      (লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি
মেলিছ ?) - ২
(হিৰ্ হিৰ্ শৱদে
কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?) - ২
                   (লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি
মেলিছ ?) - ২
নাৰী স:          (লুইতৰ বুকু হেনো বাম হৈ গ’ল
গভীৰতা হেনো কিছু নোহোৱা হ’ল)-২
বান তই সেয়ে হেনো অলিয়া-বলিয়া হৈ
দুয়ো পাৰে উপচি পৰিছ !
পু:স:              (হিৰ্ হিৰ্ শৱদে
কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?) - ২
সকলোৱে:     (লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি
মেলিছ ?) - ২
ভূ:হা:            বান তই টিঘিল-নিঘিলাবি
আশাৰে কঠিয়া নুটুৱাবি
শিশুবধ ভাওনা নাপাতিবি
ঘৰৰে চালতে শগুণক বহুৱাই
মৰণৰ সবাহ নাপাতিবি ৷
সকলোৱে:      (হিৰ্ হিৰ্ শৱদে
কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?) - ২
                   (লুইতৰ বলিয়া বান
 তই ক’লৈনো ঢাপলি
মেলিছ ?)-২
নাৰী স:         (পানীৰ পাৰতে জনমে আমাৰ
পানীয়েই পিতৃ শক্তি আমাৰ) - ২
সেই শক্তিৰেই বানক ৰুধিম
সহস্র হাতেৰে দুপাৰ বান্ধিম
সকলোৱে:    (তোৰ এই শক্তিক কাঢ়ি কাঢ়ি আনি
তোকেই আমাৰ ভৃত্য কৰিম) - ২
(হিৰ্ হিৰ্ শৱদে
কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?) - ২
(লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি
মেলিছ ?) - ২
(হিৰ্ হিৰ্ শৱদে
কাল ৰূপ ধৰি লৈ
কাকনো বাৰে বাৰে খেদিছ ?) - ২
(লুইতৰ বলিয়া বান
তই ক’লৈনো ঢাপলি
মেলিছ ?)-২
(১৯৬৮ চন)
(ভূপেন
হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)
 
 
No comments:
Post a Comment