[Bhupen Hazarika's songs and Lyrics:- O
Bandho, O Hiparor Bandho (Assamese)]
পথিক : অ’ বান্ধ ....
অ’ সিপাৰৰ বান্ধ, শু... না ..
এন্ধাৰ ইটো পাৰ ...
কাল ধুমুহাই
ঢাকে আকাশ
কৰাঁচোন সিপাৰ
কৰাঁচোন সিপাৰ ৷
নাৱৰীয়া: মেঘ মৰষুণ নেউচি মই
তোমাক কৰিম পাৰ
পিচে, সিপাৰ এৰি
কিহৰ আশাত
মানি ল’লা হাৰ ?
মেঘ মৰষুণ নেউচি মই
তোমাক কৰিম পাৰ !
পথিক: ব’ঠা ভাগে
কাঠো পচা .... !
ব’ঠা ভাগে
কাঠো পচা ..
শিমলুৰে নাও ....
জীৱনৰে সোঁত নেজানো
জীৱনৰে সোঁত নেজানো
আৰু পানীৰ ভাওঁ
মোক কৰাঁচোন
সিপাৰ ... !
নাৱৰীয়া : ইপাৰে আনিলো বাৰু
এৰি সিটো পাৰ
এৰা পাৰ সুঁৱৰি যদি
কৰাঁ হাহাকাৰ ,
ইপাৰে আনিলো বাৰু
এৰি সিটো পাৰ
পথিক : নেলাগে নেলাগে মোক...
নেলাগে নেলাগে
মোক...
মায়া ইপাৰৰ.....
বিচাৰিছোঁ মোহময়ী
বিচাৰিছোঁ মোহময়ী
কায়া সিপাৰৰ..
মোক কৰাচোন সিপাৰ ..৷
নাৱৰীয়া : সিপাৰ পালে ইপাৰ লাগে
অনন্ত পিয়াস
ইপাৰ-সিপাৰ অহা-যোৱা
চক্র অভিলাস
সিপাৰ পালে ইপাৰ
লাগে
অনন্ত পিয়াস পথিক :-
সিপাৰ পালে ইপাৰ লাগে (অ’ বান্ধ’ ... আলাপ)
অনন্ত পিয়াস ( অ’ সীপাৰৰ বান্ধ’... আলাপ)
সিপাৰ পালে ইপাৰ
লাগে ( শুনা... )
অনন্ত পিয়াস (এন্ধাৰ ইটো পাৰ ... )
(কাল ধুমুহাই )
( ঢাকে আকাশ )
( কৰাঁচোন সিপাৰ )
( কৰাঁচোন সিপাৰ .. !)
[পথিক= মান্না দে, নাৱৰীয়া= ভূপেন হাজৰিকা]
( কথাছবি: অপৰূপা,১৯৮২ চন )
(মান্না দে আৰু ভূপেন হাজৰিকাৰ কন্ঠেৰে নিগৰিত গীতটি)
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment