অ’ বান্ধৈ তাঁতৰ শালৰ শিপিনী
অ’ বান্ধৈ ৰাধা নে অ’ ৰুক্মিণী
অ’ বান্ধৈ বিজুলীৰে চাৱনি
দেখি মনে ৰাইজাই
কৰে ৷৷
অ’ বান্ধৈ হোজা- চহা ডেকা মই
ৰ’দত ঘামো-জামো ঐ
অ’ বান্ধৈ সজাওঁ-পৰাওঁ পথাৰ
মনে মোৰ কইনা
বিচাৰে ৷৷
অ’ বান্ধৈ সোণখটোৱা ঢোলবিৰী
অ’ বান্ধৈ মিনাকৰা জোনবিৰী
অ’ বান্ধৈ যাচিবযে নোভাৰোঁ
মনে মোৰ কেনেবা
কৰে ৷
অ’ বান্ধৈ একঠা যে আছে মাটি
অ’ বান্ধৈ তাকে ৰাখিম সাবটি
অ’ বান্ধৈ সঁপি দিম জীৱনটি
কেভে আৰু কাঢ়িব
নোৱাৰে ৷৷
অ’ বোলোঁ শিপিনীয়ে চাইছে
অ’ বোলোঁ মিচিক্-মাচাক্ হাঁহিছে
অ’ বোলোঁ মোকে হেনো বৰিব
ক’লে মোক চকুৰে ঠাৰেৰে ৷৷
(গুৱাহাটী: ১৯৫৪ চন)
ইউনিক'ডীয়
ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment