অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

ৰুমঝুম নেপুৰ বজায়


ৰুমঝুম নেপুৰ বজায়
ঝুম ঝুম ঝুম ঝুমকা্ কপায় !
ৰূপশ্রী নৈ পাৰেদি
কোন চাউতালী গাভৰু যায় !
তাই অঙ্গে অঙ্গে শোভা
ৰূপ মনোলোভা
হৰিণী চাৱনিৰ চেনেহ কৰি যায় !

কৃষ্ণকলি বাগিছাত
কৃষ্ণাই বোলা ডেকাই যে
ৰঙামাটিৰ ঘাটতে তাইক
দেখা দিয়াৰ কথা যে
সেয়ে ৰঙা ৰঙা পাৰীৰ
হালধীয়া শাৰীৰ
আচঁল কামুৰি তাই দূৰণিলৈ চায় !
তাই অঙ্গে অঙ্গে শোভা
ৰূপ মনোলোভা
হৰিণী চাৱনিৰ চেনেহ কৰি যায় !

ঝিৰ ঝিৰ  ঝিৰ নৈতে পৰি
তাই কিয় সাতুৰিলে ?
ঝিৰ ঝিৰ ঝিৰ নৈতে পৰি
তাই কিয় সাতুৰিলে ?
নিজৰ ছাঁয়াকে নিজে সাৱতি ধৰিলে ..
সাৱতি ধৰিলে !
কাজল সনা চকুতে তাইৰ
বিজুলি খেলিলে !
কৃষ্ণকলিৰ কৃষ্ণাই
ভুটুঙাই উলালে
তাই কলৈ নো সাঁতুৰে ?
তাই লাজতেহে মৰে !
মিচিকি হাঁহিৰে তাইৰ ৰূপ লুকুৱায় !
কৃষ্ণকলিৰ কৃষ্ণায়ে
বুকুৰ মৰম জনায়ে
ঝিলমিল ঝিলমিল পানীতে তাইক
আকোৱালি লয়;
ৰুম ঝুম নেপুৰ বজায়
ঝুম ঝুম ঝুম ঝুমকা্ কপায় !
ৰূপশ্রী নৈ পাৰেদি
কোন চাউতালী
গাভৰু ... যায়...... !
যায়......  ৷৷

(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: