অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

ৰণ ক্লান্ত নহওঁ

[Bhupen Hazarika's songs and Lyrics:- Ronoklanto Nohou]


ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
সেই মূহূৰ্ত্ত লৈ
যি মূহুৰ্ত্ততে
মোৰ সীমান্ততে
শেষ শত্রু দৈত্যটিৰ
নহয় মৰণ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ

ঝনঝনায়
আজি ঝনঝনায়
মোৰ অগনণ জোৱানৰ মৰণাস্ত্র
গম গমায়
আজি গম গমায়
জয় প্রতিজ্ঞা ধ্বনিৰে মোৰ ৰাষ্ট্র
নিয়তীৰ ৰূপ ধৰি
কাপুৰুষ শত্রুৰ
বিদাৰিম বক্ষ
কৰি ললো পণ
দিগভ্রান্ত নহওঁ
দিগভ্রান্ত নহওঁ
দিগভ্রান্ত নহওঁ
দিগভ্রান্ত নহওঁ
কোনো চক্রান্তত
যি চক্রান্তত
মোৰ দেশধ্বজাৰ হয়
বৰ্ব্বৰ আঘাতত
অকাল পতন
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ

বুদ্ধ গান্ধীক পদাঘাত কৰিলি !
পঞ্চশীলকে ত্রাশ বুলি হাঁহিলি !
বিশাল এচিয়াৰ সংহতি নাশিলি !

তোৰ গৰ্ব খৰ্ব হ
দম্ভ তৰ্ক যাব,
ভাৰত সিংহ আজি জাগ্রত হয়
প্রতি ৰক্ত বিন্দুতে (এক)
সহস্র শ্বহিদৰ
সাহৰ ঐতিয্য উজ্বল হয়
নৰ ৰক্ত লোলুপ
পৰৰাজ্য লোলুপ
নৰ ৰক্ত লোলুপ
পৰৰাজ্য লোলুপ
কৰোঁ সাৱধান হ পশ্চাৎগামী
মহা ৰুদ্রৰূপে
মহা সত্য ৰূপে
মহা ৰুদ্র ৰূপে
মহা সত্য ৰূপে
মোৰ মুক্তি সৈন্য হয় অগ্রগামী
দেশৰ মাটিত আমি
বক্ষ ৰক্তৰে
স্বাক্ষৰ কৰি কৰি
সঁপিম জীৱন
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
ৰণ ক্লান্ত নহওঁ
সেই মূহূৰ্ত্ত লৈ
যি মূহূৰ্ত্ততে
মোৰ সীমান্ততে
শেষ শত্রু দৈত্যটিৰ
নহয় মৰণ ৷৷

(ভূপেন হাজৰিকাদেৱে ১৯৬২ চনত চীনে ভাৰত আক্রমণ কৰে আৰু সীমান্ত ৰখীয়া ভাৰতীয় সৈন্যক নিপাত কৰি অসম ঊপত্যকাৰ ঊত্তৰত কামেং অঞ্চল পায়হি আৰু  গীতটো এই পটভূমিতে ৰচা)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: