অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

মঙ্গল হওক ন-শতিকাত


মঙ্গল হওক ন-শতিকাত , মঙ্গল সবাৰ
প্রতি গৃহে শান্তি আহক,সমৃদ্ধি অপাৰহে ৷৷

ঊষাকালৰ সোণোৱালী ৰ, চোতালত ভৰি ৰয়
অন্ধজনেও দেখক আকৌ, নৱ সূৰ্য্যোদয়হে ৷৷

সোণৰ বৰণ ধানৰ খেতি, নাচক হালি-জালি
ডাঁৰ মাৰি নাৱৰীয়াই,গাওক ভাটিয়ালীহে ৷৷

ডাউকে মাতক বিলৰ পাৰতে , কোকিলে ডালে ডালে
শান্তি-কপৌ বহক পুনু, সবাৰ ঘৰৰ চালেহে ৷৷

অৰ্দ্ধমৃত মূল্যবোধে, এয়া নতুন জীৱন পায়
অলস নিদ্রাৰ ঘোৰ ভাঙি দি, জাগৰণী গায়হে ৷
মঙ্গল হওক ন শতিকাত মঙ্গল তোমাৰ ৷৷

(১৮ জুন, ১৯৯৪ চন)
(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: