অগ্নিগড়ৰ স্থাপত্য
কলিয়াভোমোৰাৰ
সেতু নিৰ্ম্মাণ-জ্ঞান-জ্যোতিৰ্ম্ময়
এহি স্থানতে বিৰাজিছে
তেজপুৰ বিশ্ববিদ্যালয় ৷
ভূগৰ্ভৰ পৰা গ্রহ-নক্ষত্রত
গণনাৰে কৰোঁ বিচৰণ
বিজ্ঞান-জোৱাৰৰ অগ্রগতিক
আহুতিৰে কৰোঁ ৰূপায়ন
আয়ত্ত কৰি কলা-কৌশল
কৰি যাওঁ দিক্ নিৰ্ণয়
মানৱতাবাদৰ ধ্যানৰ প্রতীক
তেজপুৰ বিশ্ববিদ্যালয় ৷
বৰলুইত বৈ যায়
কাষেদি আমাৰ
সেই শক্তিৰে উজলাম দুটি পাৰ
সোপান বগাম
তীব্র গতিৰে
প্রযুক্তিবিদ্যাৰে হৈ নিৰ্ভয়
জীৱন-যুঁজত বিজ্ঞান সাৰথি
তেজপুৰ
বিশ্ববিদ্যালয় ৷৷
(তেজপুৰ)
(ভূপেন হাজৰিকাদেৱৰ গীত)
ইউনিক'ডীয় ৰূপান্তৰ : দিগন্ত শইকীয়া
[পঙ্কজজ্যোতি মহন্ত ,গীতটো চকু ফুৰাই দিয়াৰ বাবে ধন্যবাদ ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ সঙ্গীত হিচাপে থকা
গীতটো চালো , তাত এহি > সেহি, ৰূপ >
ৰূপায়ন শব্দকেইটাৰ মিল নাই ৷মই গীতটো ইউনিক'ডীয় ৰূপত লিখিবলৈ লওঁতে "ড৹
ভূপেন হাজৰিকাৰ গীত সমগ্ৰ" নামৰ কিতাপখনৰ সহায় লৈছিলো ( পৃষ্ঠা ৪০ ত আছে) ৷শব্দকেইটা কি হ'ব পাৰে বাৰু , বিজ্ঞজনৰ পৰামৰ্শ / মতামত আশা কৰিলো ..]
4 comments:
অকনমান সালসলনি কৰিবলগীয়া আছেনেকি। চাবচোন-
http://www.tezu.ernet.in/album/slides/Anthem.html
পঙ্কজ, গীতটো চকু ফুৰাই দিয়াৰ বাবে ধন্যবাদ ৷ তেজপুৰ বিশ্ববিদ্যালয়ৰ সঙ্গীত হিচাপে থকা গীতটো চালো , তাত এহি > সেহি, ৰূপ > ৰূপায়ন শব্দকেইটাৰ মিল নাই ৷মই গীতটো ইউনিক'ডীয় ৰূপত লিখিবলৈ লওঁতে "ড৹ ভূপেন হাজৰিকাৰ গীত সমগ্ৰ" নামৰ কিতাপখনৰ সহায় লৈছিলো ( পৃষ্ঠা ৪০ ত আছে) ৷শব্দকেইটা কি হ'ব পাৰে বাৰু ?
দীগন্ত দা, আপোনাৰ মন্তব্যটো আজিহে দেখিলো। এই গীতটি ভূপেন হাজৰিকাদেৱে সুৰ দি প্ৰথমে কাৰোবাক বুজাই থকা আৰু লগতে গীতটি তেখেতে নিজেই গাই থকাৰ অডিঅ' এটা এতিয়া মোৰ ওচৰত আছে। তাতে শুনিলো "এহি" শব্দটোৱেই কৈছে, আনহাতে "ৰূপায়ন" শব্দটো কৈছে। গতিকে "ৰূপ" শব্দটো সলনি কৰি "ৰূপায়ন" কৰিব পাৰিব। অডিঅ'টো 15MB আৰু লগতে এতিয়া মোৰ নেট শ্ল' কাৰণে কিছুদিনলৈ সেইটো মেইল কৰিব নোৱাৰিম। এই গীতটি এই ব্লগতে আৰু এঠাইত আছে, সেইটোতো ভুলকেইটা সলনি কৰি দিব পাৰিব। লিংকটো- http://akansya.blogspot.in/2012/09/blog-post_9895.html
পঙ্কজ, 'ৰূপ'টো 'ৰূপায়ন' কৰিলোঁ ৷ অডিঅ'ৰ লিংকটো ইয়াতে দিব পৰা হ'লে ভাল আছিল, সকলোৰে সন্দেহ দূৰ হ'ব ৷
Post a Comment