অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শৰত কালৰ ৰাত্ৰি


শৰত কালৰ ৰাত্ৰি অতি বিতোপন সখী
ৰাসক্রীড়া কৰত গোপাল
অখণ্ড মণ্ডল শশী দেখিলন্ত প্রাণসখী
টলমল যমুনাৰ জল ৷
কৃষ্ণদেৱ দামোদৰ হৰি
পাপী নেই আমাৰ পৰ;
দয়া নাই তোমাৰ সমানে হে ৰাম ৰাম ৷
প্রসন্ন বদন কমললোচন
মুখে মনোহৰ হাঁসি
আনন্দে বজায় বাঁহী ৷
অখণ্ড মণ্ডল চন্দ্র দেখিলন্ত হৰি
কুমকুম অৰুণ ৰশ্মি মুখে পদ্ম কৰি ৷
ৰাম কৰে ৰাস কেলি গোপাল গাপী সঙ্গে
হৰি বোলা হৰি বোলা নিৰন্তৰে ৰঙ্গে ৷
গোপাল কৃষ্ণ কৰহু ত্রাণ
তুমি গোপিনীৰ জীৱন প্রাণ ৷
মহন বংশীধাৰী এ
বিপিনবিহাৰী
গোপীক ছলিব মনে
শৰতৰ নিশা এ যমুনাৰ তীৰে
কেলি কৰে বৃন্দাবনে ৷

(ভূপেন হাজৰিকাদেৱৰ গীত)
(ইউনিক'ডীয় ৰূপান্তৰ দিগন্ত শইকীয়া)

No comments: