অনুসন্ধান আকাংক্ষাত

Wednesday, April 11, 2012

শুনা শুনা হে’


ভূ:হা:           শুনা শুনা হে’..
শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান

না:স:           শুনা শুনা হে’..
শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান
শুনা শুনা হে’..
শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান

ভূ:হা:           দূৰৈৰ নবভূমিত সৌ
সূৰুযে ভৈলা দৃষ্ট
সূৰুযৰ জ্যোতিৰে বন
ভৈলা পৰিপুষ্ট
সমস্বৰে:      শুনা শুনা হে’..
শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান

ভূ:হা:           বন এক কাৰখানা জ্যোতি প্রপাতৰ
অম্লজান বাস্প সৃষ্টি কৰে নিৰন্তৰ ৷
সমস্বৰে:      শুনা শুনা হে’..
নাৰী স:       শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান

ভূ:হা:            প্রকৃতিৰপৰা বনে অ’..
কৰে আহৰণ
বৈজ্ঞানিক উপাদান কৰি মন্থন ৷
সমস্বৰে:       শুনা শুনা হে’..
নাৰী স:        শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান

ভূ:হা:           তেনেভাৱে তৰু-তৃণে
স্রজে শ্বেতসাৰ
সেহি খাদ্যত পায় জীৱে
জীৱনৰ আহাৰ ৷
সমস্বৰে:      শুনা শুনা হে’..
নাৰী স:       শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান

ভূ:হা:           বনভূমি সেৱাৰ থলী হে’
মানৱ কল্যাণৰ
বন সংৰক্ষণ হওক
চিন্তা সমাজৰ ৷
সমস্বৰে:      শুনা শুনা হে’..
শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান
শুনা শুনা হে’..
শুনা পাতি কাণ
বিজ্ঞানসন্মত বনভূমিৰ অৱদান ৷৷

(ভূপেন হাজৰিকাদেৱ আৰু লগৰীয়াসকলৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: