[কথা:- পাৰ্বতী প্রসাদে ১৯৪০ চনত চতুৰ্থখন অসমীয়া বোলছবি ‘ৰূপহী’ নিৰ্মান কৰিবলৈ লয় আৰু সেই ছবিৰ এটি গীতত কয় মানুহৰ বাট বন্ধোৱা নাথাকে ৷ ]
গীত:-
তোৰ নাই যে
বন্ধোৱা বা..ট
তোৰ পদে পদে আছে ক’তনো উ..জুতি
কত ঘাট প্রতিঘাত
!
তোৰ নাই যে বন্ধোৱা বা..ট
তোৰ পদে পদে আছে ক’তনো উজুতি
কত ঘাট প্রতিঘা..ত !
তোৰ নাই যে
বন্ধোৱা বাট
সৌ উচ্চ টিংত
বহি আছে তোৰ ৰুদ্রহি মহাবেদ
তই কৰিব লাগিব
ভেদ !
এই গীৰি পৰ্ব্বত
লংঘন কৈ
উঠিব লাগিব গীত
হেৰ নিৰ্ভিক তই
বীৰ !
তই ভাঙিব লাগিব
পৰ্বত শীলা
কাটিব লাগিব বাট !
তই জিনিব লাগিব
ভয়
তই ভাঙিব লাগিব
জয়
তই ভাঙিব লাগিব
সকলো বান্ধোন !
চিঙিব লাগিব জাল
সেই মিছাঁৰ
মোহিনী জাল
তই চলাব লাগিব
সাৰথি বিহীন
জীৱনৰ মহাৰথ !
তোৰ কন্টকময় পথ
নাই তোৰ হৈ কাৰো
উৎসাহ বাঢ়ি
সহানুভুতিৰ মাত
!
তোৰ নাই যে
বন্ধোৱা বাট !
তোৰ পদে পদে আছে ক’তনো উজুতি
কত ঘাট প্রতিঘাত
!
তোৰ নাই যে
বন্ধোৱা বাট ৷৷
(ভূপেন
হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)
1 comment:
গীতটোত কিছুমান বানান ভুল হৈ থকাটো চকুত পৰিছে। শুধৰণি কৰিলে ভাল হয়। ধন্যবাদ।
Post a Comment