অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অস্ত আকাশৰে


[Bhupen Hazarika's songs and Lyrics:- Austo Akakhorey]


অস্ত আকাশৰে
সপোন ৰহণ সানি
ক্লান্ত লুইতৰে
হেঙুলীয়া পানী
বৈয়ে যায় 
বৈয়ে যায়
বৈয়ে যায় ৷
অস্ত আকাশৰে
সপোন ৰহণ সানি !


কোন সুন্দৰৰে শিল্পীয়ে
পদুম ফুলৰ নাৱেৰে
ময়ুৰপংখী ৰহণবোৰ
দিয়ে ছটিয়াই !

দুয়ো পাৰে কত মানুহ
কত যে ইতিহাস !
কত যুগৰ 
শত আশা
নিৰাশাৰে নিশ্বাস !
লক্ষ্য যদি দিগন্ত
শিল্পী হে তোমাৰ !
লক্ষ্য যদি দিগন্ত
শিল্পী হে তোমাৰ !

পদুমৰে পানচৈ
চপোৱাঁ এবাৰ !
দেখিবা
জীৱনৰে
দেখিবা
জীৱনৰে

দিগন্ত অপাৰ ৷
বেলি যে যায়
বেলি যে যায়
বেলি যে যায় !
অস্ত আকাশৰে
সপোন ৰহণ সানি
ক্লান্ত লুইতৰে
হেঙুলীয়া পা...নী ৷৷



(গুৱাহাটী : ১৯৬৪ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীতটি)
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: