অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অসমী আইৰে লালিতা পালিতা


(অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰু নো কওঁ মই কি ) ←২
-
অসমীৰ মাতষাৰ আজীৱন শুনিলোঁ ←২
বিহু সুৰ বিনন্দীয়া←২
বৰগীত জিকিৰক তামোল দি মানিলোঁ ←২
বাটিলোঁ মুগাৰ বটীয়া !
বৰলুইত পাৰৰে শিতলকৈ নাদৰে ←২
মিঠা পানী টুপি পি
অসমীৰ সন্মান সদায়ে ৰাখিমে
আৰু নো কওঁ মই কি
-
অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী
অসমীৰ সন্ম্মান সদায়ে ৰাখিমে
আৰু নো কওঁ মই কি
-
পৃথিৱীখনে যি বলকে বলক ←২
অচিন পখীৰে নলওঁ মই লগ
অসমী আয়ে মোক তুলিছে তালিছে ←২
কেনেকৈ হওঁ মই ঠগ
চেনেহক নেওচা দি
অসমীৰ সন্ম্মান ৰাখিমে
আৰু নো কওঁ মই কি
-
অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী
অসমীৰ সন্ম্মান সদায়ে ৰাখিমে
আৰু নো কওঁ মই কি 
-
গধুলিৰ কেতেকীৰ সবাসত আমোলমোল ←২
বতাহ খাই গাভৰু হলো ←২
অসমীৰ বতাহক বিষেৰে নভৰাওঁ ←২
এইষাৰ কথাকে দিলোঁ !
উদাৰচেতীয়া অসমী আইৰে ←২
মৰমৰ শপতে দি
অসমীৰ সন্ম্মান সদায়ে ৰাখিমে
আৰু নো কওঁ মই কি
-
অসমী আইৰে লালিতা পালিতা
মই তোলনীয়া জী
অসমীৰ সন্ম্মান সদায়ে ৰাখিমে
আৰু নো কওঁ মই কি ।।
-
(কলকাতা: ১৯৮২ চন)
(ভূপেন হাজৰিকাদেৱৰ কথা আৰু কণ্ঠেৰে নিগৰিত গীত)
(এই গীতটো তেখেতে  ঊষা মঙ্গেশকাৰ আৰু ডলি ঘোষৰ কন্ঠেৰেও গোৱাইছে)
ইউনিক'ডীয় ৰূপান্তৰ :  দিগন্ত শইকীয়া

No comments: