অনুসন্ধান আকাংক্ষাত

Wednesday, April 4, 2012

অ’ আয়ুব খান

[Bhupen Hazarika's songs and Lyrics:- O Ayub Khan]


আয়ুব খান আৰু ভূট্টোজান !
শিয়ালবা কোন আৰু সিংহ কোন ?
মদ্ গৰ্ব্বী হৈ
নুশুনো নুশুনো বুলি
দুটিমান নঙঠা সত্যকে শুন ৷

             সিদিনা আকাশত ওফৰা দেখিলোঁ
             দীঘল নেজীয়া তৰা
            শুনিলো জম্মুৰ মছজিদৰ
            মোনাৰ বাগৰি পৰা ৷

আনৰ নেলাগে নিজ মজহবকে
মৃত্যুৰ নিজে তই দিছ ভাবুকি
শান্তিৰ নামাজ কঢ়োতে কাশ্মীৰীক
কোৰাণ শিকাবিনো কি ?

        মোৰ ধৰ্ম্ম নিৰপেক্ষ আকাশত
        উৰিছে সহস্র নেট বিমান
        ওফৰালে মাৰ্কিন অনুকম্পাৰে দিয়া
       তহঁতৰ চেবাৰ জেট কিমান ?

মিছাৰ সদাগৰ চৌ এন লাইৰ
পাইছ হবলা মৰম বেথা
অতদিনে নুবুজিলি এবাসে বুজিবি
বগ হৈ লুভীয়া শৃগালৰ কথা ৷

       গফুৰ খাঁ আজাদে আজাদী আনিলে
       আজীৱন কাৰাগাৰ মানি ৷
      পাবত গজিলি আয়ুব ভূট্টো
       ভৰিৰ নেপাৱ পানী ৷

জাকীৰ, চাদিক, চাগলা, মিৰ কাচিন
নায়ক প্রগতি মানৱতাৰ
ধৰ্ম্মৰ মুখা পিন্ধি বিংশ শতাব্দীত
নেভাঙে গীৰ্জ্জা আম্বালাৰ ৷

        তোৰ বেটন্ জোকাৰি পেটন টেঙ্কেৰে
        দিল্লীত ফুৰিবৰ মন হেনো আছে
        লাহোৰৰ ইচোগীল খালৰ পাৰে পাৰে
        আমাৰ জোৱানহে টহলিছে !

তোৰ নিৰ্ব্বাচন নাই, নাই গণৰাজ
উপনিৱেশৰ তই ধ্বাসাৱশেষ
নাপাক্ যুক্তিৰে পাকিস্তানৰ
ৰাইজৰ মুক্তিৰো কৰিলি নাশ ৷

           একনায়কত্বেৰে দুদিনৰ ৰাজ পাই
           পাক্ স্বাধীনতাকো কৰিলি হৰণ
          ৱেলচ পাখটুন, পাঠান ওৱাজিৰ
          আফ্রিদি খাটাকে নলয় শৰণ ৷

আমাৰ দেশকে কাফীৰস্তান বুলি
জোকাবি আৰুনো কিমান ?
কোটি মুছলিম ভায়ে বাছি দিয়া
প্রতিনিধিৰেও চলে হিন্দুস্থান ৷

          আজিৰ যুগ মাথোঁ মানুহৰ যুগ
          চুকৰ ভেকুলীক দিওঁ ধিক্কাৰ
          প্রমত্ত অন্যায়-বক্ষত থিয় হোৱা
         শাশ্বত নীতিৰ হে জয় জয়কাৰ ৷

শুন্ শুন্ হেৰ শেষ কথা আয়ুব খাঁ
ভাৰত জয় কৰা এৰ উম্মীদ
আমাৰ মাজতে আছে হেজাৰ বিজাৰ
নিৰ্ভীক বীৰ আব্দুল হামিদ !

(কলকাতা: ১০ অক্টোবৰ, ১৯৬৫ চন )
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া

No comments: