[Bhupen Hazarika's songs and Lyrics:- O Kokaiti O]
ভায়েক : অ’ ককাইটি অ’ ......... ৷
ককায়েক : কি হ’ল … কি হ’ল অ’ ?
ভায়েক : চুচুক্-চামাককৈ দীপালীজনীয়ে কিয়
মোৰ পিনে ৰ’ লাগিচায় ?
ককায়েক : ভাইটি, তই বুজিকে পোৱাহে নাই ৷
ভাইটি , তাই বোধ হয় তোকেই ভাল পায় !
ভায়েক : সৌ কৰৱীজনীয়ে কিয় মৰমী চাৱনিৰে
খিৰিকীমুখত থিয় হয় ?
ককায়েক : ভাইটি এইয়া প্রথম প্রমৰে পৰিচয় ৷
ভাইটি এইয়া মৰম বোটলাৰ সময় ৷
ভায়েক : পিচে দীপালী কৰৱীকে
দীপক বৰুৱাৰ সতে
মিলা দেখি কিবা
ভাৱ হয় !
ককায়েক : অ’ তেনে ভীষন কথা হ’ল ভাই
তেনে মোৰ উপদেশ
দিবলৈ নাই
তহঁতৰ বয়স ৰঙীন
সৰস
বুজিও নুবুজ একো
৷
দুয়ো : যেনিয়ে চকু যায়, তেনিয়ে থমকি ৰয়
নেচাবৰ মন নাই
কাকো ৷
ভায়েক : আৰু লিপিকা দেৱীয়ে কিয়
নীলা নীলা
চিঠিৰে
বহু বহু মিঠা
কথা কয় ?
ককায়েক : ভাইটি, তোৰ সমান আৰু অঁকৰা নাই
শুনিছোঁ বহুতলে
চিঠি লিখে তাই
ভায়েক : আৰু সৌজনী অঞ্জনা হংস খোজেৰে দেখোঁ
মোৰ পিনে আহে
আগুৱাই !
ককায়েক : ভাইটি, তই সাৱধান হোৱা কিয় নাই ?
বহুতে কয় বহুতকে ভাল পায় তাই ৷
ককায়েক : কথা: সাৱধান কৰি দিছোঁ কিন্তু ..
ভায়েক : সৌৱা মিচিক-মাচাক্ কৈ
হাঁহি হাঁহি
চম্পাই
মিঠাকৈ কিয় গীত গায় ?
ভায়েক : কাইটি তয়ো দেখোঁ বুজি পোৱা নাই ৷
ককায়েক : বুজিছোঁ গাইছে তোকেই শুনাই ৷
ভায়েক : কাইটি তয়ো গীতৰে ভাষা বুজা নাই
ককায়েক : বুজিছো গীতৰ বাহিৰে একো নাই ৷
ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া
No comments:
Post a Comment