অনুসন্ধান আকাংক্ষাত

Tuesday, April 10, 2012

পাহাৰৰ সিপাৰে


পাহাৰৰ সিপাৰে ধুনীয়া ৰহদৈয়ে
দুখৰে সুৰটি গায়
বনগীতসুৰীয়া গীতৰে আঁৰতে
চেনাইৰ কথাটি কয় ৷
বুকুহে হমেহমায় ৷

পাহাৰৰ হৰিণী চকুযোৰ শুৱনি
চকুলো বাগৰি যায়
সুদূৰৰ চেনায়ে বুজেকে নেপায়
মাথোঁ সুৰ বলিয়া হয়
বুকুহে হমেহমায় ৷
চাকৈয়ে নেপায় চকোৱাৰ লগ
মাজত চেঙেলীয়া নৈ
ৰহদৈ চেনাইৰ মাজতে বাধা ঐ
সমাজৰ পাহাৰখন ৰয় ৷
বুকুহে হমেহমায় ৷

এন্ধাৰৰ  চোতালত সমাজ বহি আছে
বিচাৰৰ শৰাইখন লৈ
বিচাৰৰ শৰাইতে বিচাৰ নাইকীয়া
এলান্ধুকলীয়া ছাই ৷
বুকুহে হমেহমায় ৷

পাহাৰ ভাঙি ভাঙি অগনি উৰিছে
ৰহদৈ লৱৰি পলায়
একোকে নিবিচাৰে আমাৰে চেনায়ে
জিকে সাবটি লয় ৷
বুকুহে হমেহমায় ৷

(কলকাতা : ১৯৬২ চন )
(ভূপেন হাজৰিকাদেৱৰ কন্ঠেৰে নিগৰিত গীত)
(ইউনিক'ডীয় ৰূপান্তৰ - দিগন্ত শইকীয়া)

No comments: